মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম চৰকাৰ বিপণন সমবায় লিমিটেড (এ.জি.এম.চি.)

উদ্দেশ্য আৰু লক্ষ্য

উদ্দেশ্য

  • আৰ্হি, প্ৰযুক্তিবিদ্যা আৰু কৌশলতাৰজৰিয়তেউন্নতমানৰ হস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰীৰ উত্পাদন কৰিবলৈ শিল্পী, শিপিনী আৰু উদ্যমীসকলৰ সহযোগিতাৰে হস্ততাঁতআৰু বস্ত্ৰশিল্পৰ বহনক্ষমতা বৰ্তাই ৰখা আৰু এই খণ্ডত নিয়োগৰ পথ সৃষ্টি কৰা।
  • ৰাজ্যৰ হস্ততাঁত শিপিনী আৰু হস্তশিল্প শিল্পীসকলৰ আৰ্থ-সামাজিক স্থিতিৰ উন্নয়ন সাধন কৰা।
  • হস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰীৰ উত্পাদনশীলতা, মাণদণ্ড আৰু ব্যয় প্ৰতিযোগিতাৰ বিকাশ ঘটোৱা।
  • দুখীয়া শিপিনীসকলৰ পৰা তেওঁলোকৰ দ্বাৰা উত্পাদিত সামগ্ৰীসমূহ উচিত মূল্যত অধিক্ৰয় কৰা আৰু সেইবোৰৰ বজাৰকৰণ কৰা।

 

লক্ষ্য

  • ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত উত্তৰ-পূবৰ হস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰীসমূহৰ চাহিদা বৃদ্ধি কৰা ইয়াৰ শিপিনী, শিল্পী আৰু উদ্যমী সকলৰ জীৱন ধাৰণৰ মাণদণ্ড উন্নত কৰা।
  • ৰাজ্যত বৰ্তি থকা হস্ততাঁতৰ বাণিজ্যিক ব্যৱহাৰ অধিকতৰ কৰি তুলা।
  • উত্পাদন বৃদ্ধিৰ বাবে ৰাজ্যৰ শিপিনী আৰু শিল্পী সম্প্ৰদায়ক সমৰ্থন জনোৱা।