মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম চৰকাৰ বিপণন সমবায় লিমিটেড (এ.জি.এম.চি.)

ৰপ্তানি

  • শিপিনীসকলৰ কলাত্মক আৰু উত্পত্তিশীলতাৰ জৰিয়তে অসমৰ হস্ততাঁত উদ্যোগটোৱে ইতিমধ্যেই নিজৰ সমৃদ্ধতাক দাঙি কৰিছে। কৃষিৰ পাছতে হস্ততাঁত উদ্যোগেই হৈছে গ্ৰাম্যাঞ্চলৰ লোকসকলৰ বাবে নিয়োগ প্ৰদানকাৰী অন্যতমটো বৃহত্ খণ্ড যত এক নিযুততকৈও অধিক লোক ইয়াৰ উত্পাদনৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ আছে। অসম হস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰী সমূহ ইয়াৰ অবিকল্প আৰ্হি আৰু সূকীয়া বৈশিষ্টৰ বাবে জনাজাত। 

    এই উদ্যোগৰ আন্তঃগাঁঠনি অতি শক্তিশালী, যত ১৩ লাখতকৈও অধিক ভিন্ন আৰ্হিৰ তাঁতশাল আৰু নিৰ্মান আছে, যি মহত্বপূৰ্ণ উত্পাদন ক্ষমতাৰ সংকেত প্ৰদান কৰে। 

    এ.জি.এম.চি.এ নিয়মিয়াকৈ অনুষ্ঠিত কৰি অহা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মেলাসমূহত প্ৰমাণ পোৱাৰ দৰে এৰি, মূগা, নুনি পাট বস্ত্ৰসমূহৰ বিশ্ব বজাৰত প্ৰচুৰ চাহিদা আছে। 

    অসমৰ পৰা হস্ততাঁতজাত সামগ্ৰী ৰপ্তানি কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে যিহেতু আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে এই সামগ্ৰীসমূহ আমদানি কৰা এখন প্ৰধান ৰাষ্ট্ৰ।

     

    প্ৰধান বজাৰ আৰু ৰপ্তানিকৃত স্থান সমূহ

    • ২০১৫-১৬ বিত্তীয় বৰ্ষত ৩৬০.০২ নিযুত মাৰ্কিন ডলাৰ মূল্যৰ হস্ততাঁতজাত সামগ্ৰীভাৰতৰ পৰা ৰপ্তানিকৰা হৈছিল।
    • ২০১৫-১৬ বৰ্ষত ১০৬.১৩ নিযুত মাৰ্কিন ডলাৰ মূল্যৰ ক্ৰয়েৰে আমেৰিকা যুক্তৰাষ্ট্ৰই হস্ততাঁতজাত সামগ্ৰী ৰপ্তানি কৰাৰ ক্ষেত্ৰত শীৰ্ষস্থান অধিকাৰ কৰি আছিল আৰু ইয়াৰ পাছতেই ২২.৪২ নিযুত মাৰ্কিন ডলাৰেৰে ইউ.কে.এ দ্বিতীয় আৰু ১৯.৪২ নিযুত মাৰ্কিন ডলাৰৰ ক্ৰয়েৰে ইউ.এ.ই.এ এই ক্ষেত্ৰত তৃতীয় স্থান দখল কৰিছিল। ইটালী, জাৰ্মানী, ফ্ৰান্স, স্পেইন, জাপান, নেদাৰলেণ্ড আৰু অষ্ট্ৰেলিয়া হৈছে আন আন কেইখন ৰপ্তানিকৃত দেশ।
    • ২০১৫-১৬ বৰ্ষতে, ৩৫.৩৪ নিযুত মাৰ্কিন ডলাৰ মূল্যৰ কাপোৰৰপ্তানী কৰা হৈছিল,মজিয়া আৱৰণ ৰপ্তানি কৰা হৈছিল ১২৫.২৭ নিযুত মাৰ্কিন ডলাৰৰ আৰু ২৫.৫৪ নিযুত মাৰ্কিন ডলাৰৰবস্ত্ৰৰ বাবে প্ৰয়োজনীয় সহায়ক সামগ্ৰী ৰপ্তানি কৰা হয়, তৈয়াৰী কৰা বস্ত্ৰ ৰপ্তানিও কৰা হয় ১৭৩.৮৮ নিযুত ডলাৰ মূল্যৰ।

     

    হস্ততাঁত ৰপ্তানিপ্ৰচাৰ পৰিষদ 

    সকলো প্ৰকাৰৰ হস্ততাঁতজাত সামগ্ৰী যেনে কাপোৰ, ঘৰুৱা আচ-বাব, দলিচা আৰু মজিয়া আৱৰণ আদিৰ ৰপ্তানিৰ প্ৰচাৰৰ বাবে ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প মন্ত্ৰণালয়ৰ অধীনত গঠিত হস্ততাঁত ৰপ্তানি উন্নয়ন পৰিষদ (এইচ.ই.পি.চি.) হৈছে এক সংবিধানিক প্ৰতিষ্ঠান। ৬৫ সদস্যৰ সৈতে ১৯৬৫ চনত গঠন কৰা এইচ.ই.পি.চি.ৰ বৰ্তমান সদস্য সংখ্যা হৈছে প্ৰায় ২,০০০