মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম চৰকাৰ বিপণন সমবায় লিমিটেড (এ.জি.এম.চি.)

ইতিহাস

  • অমসৰ দুখীয়া কৌশল সমৃদ্ধ শিপিনী আৰু শিল্পীসকলৰ দ্বাৰা উত্পাদিত অনন্য সামগ্ৰীসমূহ প্ৰচাৰ আৰু বজাৰকৰণৰ জৰিয়তে তেওঁলোকক সমৰ্থন প্ৰদান কৰাৰ বাবে অসম চৰকাৰ বিপণন নিগম লিমিটেড (এ.জি.এম.চি.) হৈছে কোম্পানী আইন, ১৯৬৫ৰ অধীনত পঞ্জীকৃত অসমৰ এক আগশাৰীৰ প্ৰতিষ্ঠান যি বিভিন্ন চৰকাৰী আৰু অৰ্ধ চৰকাৰী প্ৰতিষ্ঠানৰ সৈতে মিলি ৰাজ্য আৰু কেন্দ্ৰৰ বহু প্ৰকল্প/আঁচনি কাৰ্য্যকৰী কৰিবলৈ চৰকাৰী অনুমোদিত যোগানকাৰীসকলৰ জৰিয়তেভিন্ন সামগ্ৰী যোগান ধৰিসক্ৰিয়ভাৱে বেপাৰ-বাণিজ্যত অংশগ্ৰহণ কৰি আহিছে।

    অসম চৰকাৰ বিপণন নিগম লিমিটেডৰ প্ৰতিষ্ঠা হৈছিল ১৯৫৯ চনৰ ডিচেম্বৰ মাহত। এই নিগম অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰশিল্প আৰু ৰেচমশিল্প বিভাগৰ প্ৰশাসনীক নিয়ন্ত্ৰনৰ অধিন। নিগমে ইয়াৰ খুচুৰা বিক্ৰীকেন্দ্ৰ শিকলিৰ জৰিয়তে ৰাজ্যৰ গাওঁ আৰু চহৰৰ শিপিনী আৰু শিল্পী সকলে তৈয়াৰ কৰাপৰম্পৰাগত হস্ততাঁত, হস্তশিল্প, কাঁহ-পিতল ধাতু আৰু অন্যান্য সংশ্লিষ্ট উত্পাদন সমূহ বজাৰকৰণ কৰি আছে।

    বৰ্তামান গুৱাহাটী, শিৱসাগৰ, শিলচৰ, তেজপুৰ, নতুন দিল্লীত এখন আৰু কলকাতাৰ দুখনকে ধৰি “প্ৰাগজ্যিতিকা” অসম এম্পোৰিয়াম নামেৰে নিগমৰ মূঠ ৭টা বিক্ৰী একক আছে। নিগমৰ ইয়াৰ মূখ্য কাৰ্য্যালয়ত এটা কেন্দ্ৰীয় পণ্যাগাৰ আছে।

    জি.এন.বি. পথ, আমবাৰী, গুৱাহাটী-৭৮১০০১ত নিগমৰ পঞ্জীকৃত কাৰ্য্যালয় আৰু মূখ্য কাৰ্য্যালয় আছে।