মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম চৰকাৰ বিপণন সমবায় লিমিটেড (এ.জি.এম.চি.)

অসম চৰকাৰ বিপণন নিগম লিমিটেড

অসম চৰকাৰ বিপণন নিগম লিমিটেড হৈছে এক বিশুদ্ধ বাণিজ্যিক প্ৰতিষ্ঠান, ইয়াৰ এম্পোৰিয়াম সমূহৰ জৰিয়তে হস্ততাঁত আৰু হস্তশিল্প সামগ্ৰীসমূহৰ বাণিজ্যিকৰণ কৰাৰ উপৰিও নিগম সম্পূৰ্ণকৈ চৰকাৰী যোগান ব্যৱসায়ৰ জৰিয়তে সংগ্ৰহ কৰা ২শতাংশ সেৱা শুক্লৰ ওপৰত নিৰ্ভৰশীল যি নিগমৰ দৰমহা আৰু আন আন খৰচৰ বাবত ব্যয় কৰা হয়। ইয়াত উল্লেখ কৰিব পাৰি যে নিগমৰ দৰমহা ইত্যাদিৰ বাবে কোনো বাজেট ব্যৱস্থা কৰা হোৱা নাই।

সন্থাৰ অনুচ্ছেদ চুক্তি আৰু সন্থাৰ স্মাৰকপত্ৰ অনুযায়ী, এ.জি.এম.চি.এ যিকোনো যোগান ব্যৱাসায় কৰিব পাৰে, যেনে চপা আৰু লেখন সামগ্ৰী, শিক্ষা আৰু সাহাৰ্য্য সামগ্ৰী, খাদ্য সামগ্ৰী, হস্ততাঁত সামগ্ৰী, সুতা, বাচন-বৰ্তন, কাৰ্য্যলয়ৰ আচবাব, বাই-চাইকেল, পাৱাৰ টিলাৰ, পাম্প চেট, কৃষিজাত সামগ্ৰী, চিলাই মেচিন, স্প্ৰে মেচিন, হেণ্ড পাম্প, চি.আই. পাইপ, পি.ভি.চি. পাইপ, জি.আই. চিট, খেলা সামগ্ৰী আৰু আন সকলো যোগান ধৰিব পৰা সামগ্ৰী ইত্যাদি।

অসম চৰকাৰ বিপণন নিগম লিমিটেডে অতি সফলভাৱে বিভিন্ন চৰকাৰী বিভাগ যেনে সমাজ কল্যান, শিক্ষা, ডি.আৰ.ডি.এ., বন বিভাগ, ডব্লিও.পি.টি. আৰু বি.চি., আৰক্ষী, এছ.আই.আৰ.ডি., কৃষি, চৰ উন্নয়ন, শ্ৰম, নিৰ্বাচনী ইত্যাদি, অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন পৰিষদ, অনুসুচিত জাতি সঞ্চালকালয়, ভূমি লেখ সঞ্চালকালয়, আৰক্ষী সঞ্চালক প্ৰধান, অল্পসংখ্যক উন্নয়ন পৰিষদ আৰু আন আন স্বায়ত্ব শাসিত পৰিষদ যেনে মিচিং স্বয়ত্ব শাসিত পৰিষদ আৰু আৰু অসমৰ বড়োভূমি ক্ষেত্ৰীয় পৰিষদ আদি বিভাগসমূহৰ সৈতে সকলো প্ৰকাৰৰ যোগান ব্যৱসায় কৰি আহিছে।

দেশে-বিদেশে আয়োজিত হোৱা বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰদৰ্শনী বা মেলাতনিগমে অংশগ্ৰহন কৰি আহিছে যাৰ ফলত অসমৰ হস্ততাঁত, হস্তশিল্পজাত আৰু অন্যান্য আনুসাংগিক সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱাত সহায়ক হয়। অসম চৰকাৰ বা ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত নিগমে সময়ে সময়ে বিভিন্ন আঁচনিও ৰূপায়ন কৰে যেতিয়াই চৰকাৰে হস্ততাঁত আৰু হস্তশিল্প সম্পৰ্কীয় কোনো মঞ্জুৰী প্ৰদান কৰে।ইয়াৰ উপৰিও নিগমে শিপিনী আৰু শিল্পী সকলৰ জ্ঞান আৰু কৌশল উন্নিতকৰণৰ উদ্দেশ্যেপ্ৰশিক্ষণ অনুষ্ঠান বা আলোচনা চক্ৰৰো আয়োজন কৰে।