মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম চৰকাৰ বিপণন সমবায় লিমিটেড (এ.জি.এম.চি.)

যোগান ব্যৱসায়

অসম চৰকাৰ বিপণন নিগম লিমিটেড হৈছে এক বিশুদ্ধ বাণিজ্যিক প্ৰতিষ্ঠান, ইয়াৰ এম্পোৰিয়াম সমূহৰ জৰিয়তে হস্ততাঁত আৰু হস্তশিল্প সামগ্ৰী সমূহৰ বাণিজ্যিকৰণ কৰাৰ উপৰিও নিগম সম্পূৰ্ণকৈ চৰকাৰী যোগান ব্যৱসায়ৰ যৰিয়তে সংগ্ৰহ কৰা ২শতাংশ সেৱা শুক্লৰ উপৰত নিৰ্ভৰশীলযিনিগমৰ দৰমহা আৰু আন আন খৰচৰ বাবত ব্যয় কৰা হয়।ইয়াত উল্লেখ কৰিব পাৰি যে নিগমৰ দৰমহা ইত্যাদিৰ বাবে কোনো বাজেট ব্যৱস্থা কৰা হোৱা নাই।

সন্থাৰ অনুচ্ছেদ চুক্তি আৰু সন্থাৰ স্মাৰকপত্ৰ অনুযায়ী, এ.জি.এম.চি.এ যিকোনো যোগান ব্যৱাসায় কৰিব পাৰে, যেনে চপা আৰু লেখন সামগ্ৰী, শিক্ষা আৰু সাহাৰ্য্য সামগ্ৰী, খাদ্য সামগ্ৰী, হস্ততাঁত সামগ্ৰী, সুতা, বাচন-বৰ্তন, কাৰ্য্যলয়ৰ আচবাব, বাই-চাইকেল, পাৱাৰ টিলাৰ, পাম্প চেট, কৃষিজাত সামগ্ৰী, চিলাই মেচিন, স্প্ৰে মেচিন, হেণ্ড পাম্প, চি.আই. পাইপ, পি.ভি.চি. পাইপ, জি.আই. চিট, খেলা সামগ্ৰী আৰু আন সকলো যোগান ধৰিব পৰা সামগ্ৰী ইত্যাদি। 

অসম চৰকাৰ বিপণন নিগম লিমিটেডে অতি সফলভাৱে বিভিন্ন চৰকাৰী বিভাগ যেনে সমাজ কল্যান, শিক্ষা, ডি.আৰ.ডি.এ., বন বিভাগ, ডব্লিও.পি.টি. আৰু বি.চি., আৰক্ষী, এছ.আই.আৰ.ডি., কৃষি, চৰ উন্নয়ন, শ্ৰম, নিৰ্বাচনী ইত্যাদি, অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন পৰিষদ, অনুসুচিত জাতি সঞ্চালকালয়, ভূমি লেখ সঞ্চালকালয়, আৰক্ষী সঞ্চালক প্ৰধান, অল্পসংখ্যক উন্নয়ন পৰিষদ আৰু আন আন স্বায়ত্ব শাসিত পৰিষদ যেনে মিচিং স্বায়ত্ব শাসিত পৰিষদ আৰু আৰু অসমৰ বড়োভূমি ক্ষেত্ৰীয় পৰিষদ আদি বিভাগ সমূহৰ সৈতেসকলো প্ৰকাৰৰ যোগান ব্যৱসায় কৰি আহিছে।