মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম চৰকাৰ বিপণন সমবায় লিমিটেড (এ.জি.এম.চি.)

অধিক্ৰয় আৰু বিক্ৰী

অসম চৰকাৰ বিপণন নিগম লিমিটেডে(এ.জি.এম.চি.) ১৯৫৯ চনত ইয়াৰ আৰম্ভনিৰে পৰাই উন্নত মানৰ আৰু বিভিন্ন প্ৰকাৰৰ অসমীয়া হস্ততাঁত পৰম্পৰাগত সাজ পোচাক যেনে অসমীয়া পাট, এড়ী পাট, কপাহী মেখেলা চাদৰ, গামোচা, পাট গামোচা, পাট আৰু কপাহী ৰিহা, লাইচেম্ফি ইত্যাদিৰ অধিক্ৰয়, প্ৰচাৰ আৰু বজাৰকৰণৰ সৈতে জড়িত হৈ আছে। 

নিগমে বিখ্যাত অসমৰ চাহ, পৰম্পৰাগত শৰাই (কাঁহ ধাতুৰে নিৰ্মিত), জাপি, গড় (অসমৰ প্ৰতিক), কামাখ্যা মন্দিৰৰ স্মাৰক, ৰং ঘৰ, ধোল-পেপা-গগনা আৰু বিভিন্ন আন আন পৰম্পৰাগত কাঠেৰে নিৰ্মিত সামগ্ৰী অসমৰ শিপিনী, শিল্পী আৰু কাৰিগৰৰ পৰা কেন্দ্ৰীয় ক্ৰয় সমিতি সমূহৰ যৰিয়তে অধিক্ৰয় কৰাৰ ক্ষেত্ৰতো জড়িত। 

অসমৰ ভিতৰত আৰু বাহিৰতো প্ৰাগজ্যোতিকা নামেৰে অথবা কোনো কোনো জিলাৰ সদৰ স্থানত অসম এম্পোৰিয়া নামেৰে নিগমৰ প্ৰদৰ্শনী কক্ষও আছে। বৰ্তমান, নিম্ন উল্লেখিত স্থান সমূহত ইয়াৰ ৭টা শাখা (বিক্ৰীকেন্দ্ৰ) আছে- 

১. গুৱাহাটী, ২. নতুন দিল্লী, ৩. কলিকতা (গৰিয়াহাট), ৪. কলিকতা (ৰাছেল পথ), ৫. তেজপুৰ, ৬. শিৱসাগৰ আৰু ৭. শিলচৰ

এই বিক্ৰী কেন্দ্ৰ কেইটাৰ জৰিয়তে, নিগমে কেৱলমাত্ৰ ৰাজ্যৰ বিভিন্ন হস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰীৰ বজাৰকৰণ আৰু প্ৰচাৰ কাৰ্যত বৰ্তি আছে আৰু লগতে অসমৰ দুখীয়া শিপিনী আৰু কাৰিকৰসকলৰ জীৱিকা উন্নয়নৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে যাৰ জৰিয়তে ৰাজ্যখনৰ এই শ্ৰেণীৰ লোক সকলৰ আৰ্থ-সামাজিক স্থিতিৰ বিকাশ সাধন হৈ আহিছে।