মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম চৰকাৰ বিপণন সমবায় লিমিটেড (এ.জি.এম.চি.)

হস্ততাঁত আৰু হস্তশিল্পৰ বজাৰকৰণ

এই সময় হৈছে জনশ্ৰুতি আৰু বাস্তবিৱকতাক একত্ৰিত কৰা। সৃষ্টিশীলতা আৰু কৃতিত্বৰে সমৃদ্ধ এক বুৰঞ্জী যি হস্ততাঁত আৰু হস্তশিল্পৰ পথেই সলনি কৰি পেলাইছে। সমৰ্পিত আৰু প্ৰতিভাশালী আৰ্হি প্ৰস্তুতকাৰী আৰু শিপিনী প্ৰজন্মই পৃথিৱীৰ সম্পদৰ সম্ভ্ৰান্ততাৰ সৈতে কাম কৰি মূল্যবান আৰু সাধাৰণ বস্ত্ৰ আৰু ধাতু, কাঠ আৰু মাটি, বাঁহ আৰু বেতক অতি সুন্দৰ আৰু দুষ্প্ৰাপ্য সামগ্ৰীলৈ ৰূপান্তৰিত কৰি পেলাইছে। এগৰাকী কবি বা যাদুকৰৰ দৰে শিপিনী আৰু কাৰিকৰসকলে জানে আকাংক্ষাৰ সপোন আৰু ৰহস্যৰ এই বিস্ময়ক।

 

বহিঃবিশ্বৰ বাবে অসম ইতিমধ্যেই বিস্ময়কৰ হৈ পৰিছে আৰু সেই গতিকে ইয়াৰ হস্ততাত আৰু হস্তশিল্পৰ সমৃদ্ধ বৈচিত্ৰতাক বৃদ্ধি কৰা উচিত। হস্তশিল্প হৈছে,অসমীয়া শিল্পীৰ কলাৰ এক যাদু স্বৰূপ, একসাধাৰণ অত্যুতসাহ নিজৰ গভীৰ আৱেগক প্ৰাৰম্ভিক সৰলতা আৰু সুন্দৰতাৰ সৈতে প্ৰকাশ কৰাৰ। বিখ্যাত ৰঙীন অসমীয়া জাপি, গৌৰীপুৰৰ মৃত্শিল্প, বেতৰ আচবাব, বাহৰ মগ, টেবুল লাইট, বাহৰ ট্ৰে আৰু এনে বহু বোৰ সামগ্ৰীয়ে অসমৰ চানেকি বহন কৰে।

 

আনহাতে, অগণনৰং আৰু ৰূপৰেখা, ইয়াৰ গতিধৰ্মী ৰূপ আৰু আৰ্হি আদিৰ বাবেই অসমৰ হস্ততাঁত সদায় আকৰ্ষক আৰু প্ৰশংসাত্মক।এৰি, মূগা আৰু কেৱল উষ্ম ৰং আৰু জটিল আৰ্হিযুক্তনিদৰ্শন স্বৰূপপোচাকৰ বাবেই হয়তু ই আবেশৰ পাত্ৰ। এই বশীকৰণভূমিৰ শিপিনী সকলে তাঁতত সপোন ৰচে।বস্ত্ৰই হওক বা আলংকাৰিক, দুয়োবিধ কলাই সমৃদ্ধ আৰু বিচিত্ৰ সাংস্কৃতিক পৰম্পৰাক প্ৰতিফলন কৰে। তাৰোপৰি, নিগমে অসম তথা সমগ্ৰ উত্তৰ-পূবৰ বিভিন্ন জীৱন্ত সম্প্ৰদায় বোৰৰবাৰেবৰণীয়া বস্ত্ৰ প্ৰদৰ্শন কৰাৰো চেষ্টা কৰি আহিছে। ঘৰুৱা গ্ৰাহকৰ লগতে বিদিশী গ্ৰাহক সকলৰ বাবেওবিখ্যাত বড়ো দখনা আৰু আৰনাই, বাৰেবৰণীয়া কাৰ্বি পোচাক, ৰাভা বস্ত্ৰ, বিশেষ আৰ্হিৰ ৰাভা নিচোল আৰু গলাবান আৰু বিভিন্ন প্ৰকাৰৰ নগা আলোৱান (বিভিন্ন জনজাতীৰ) আদি হৈছে অত্যাধিক চাহিদাযুক্ত হস্ততাঁতজাত সামগ্ৰী।

 

অসম চৰকাৰ বিপণন নিগম লিমিটেড (এ.জি.এম.চি.) হৈছে অসম চৰকাৰৰ এক পৰিগ্ৰহ যি ১৯৫৯ বৰ্ষ অৰ্থাত্ ইয়াৰ গঠন কালৰে পৰাই এই গৌৰৱময় উদ্যোগটিৰ বিকাশৰ বাবে বিপণন আঁচনিৰ এক শৃংখলৰ জৰিয়তে হস্ততাঁত আৰু হস্তশিল্পৰ এই অনাদি-অনন্ত পৰম্পৰাৰ উত্তৰনৰ বাবে অহৰহ চেষ্টা চলাই আহিছে।